top of page

The History of Assam Foundation of North America 
by Kamalakshi Hazarika

The Assam Foundation of North America was first formed as a non -political organization for promoting social, cultural, technical and educational exchange between Assam and North America. Its other objective was to promote the human potential of indigenous people of Northeast India, comprising Arunachal Pradesh, Assam, Manipur, Meghalaya, Nagaland, Mizoram and Tripura.  AFNA started under the guidance of a few eminent gentlemen namely  Late Dr. Jiten Borpujari and Late Dr. Dilip Dutta, Dr.Atul C Sarma, Dr. Monoranjan Bezboruah, Dr. Hirak C Patangia, Dr. Debojit Barua, Mr. Lohit-Dutta Barua, Dr. Bijon Sarma, Dr. Nabajyoti Kataky. The founders of AFNA, who came to America, worked with an altruistic vision of helping Assam in times of their need. It is this thought that shaped the organization which came into being in the year 1980. 

Screenshot 2025-07-19 at 8.20.56 AM.png

A timeline of the past presidents of the Assam Foundation Of North America

1980-1986

Dr Atul C Sarma

1990-1992

Mr. Amlya K.Das

1992-1994

Mr. Anis Ahmed

1994-1996

Mrs. Nandita Sarma 

2006-2006

Mr. Krishanu Kaushik

2000-2002

Rathin DevChoudhury 

1998-2000

Mr. Debojit Bora 

1996-1998

Mr. Manomohan Hazarika

2006-2010

Mr. Partha Gogoi

2010-2014

Mr. Satyajit Nath 

2014-2018

Mr. Pallav Saikia 

2018-2022

Mr. Sarfaraz Taher 

In its earliest years, AFNA started by paying its respects to a few American emissaries who built a bridge across the United States and Assam. Among them was the reverend Miles Bronson who contributed to Assamese language and a distinguished artist Noni Borpuzari. 

Over the years AFNA has been actively contributing to the social and economic well-being of the people of Assam and reaching out to the community in the West. A list below of AFNA projects gives a cursory look at the work that the organization has been involved in.

  • Tapoban: A children’s home in Pathsala for abandoned specially-abled children. AFNA has been supporting its needs from time to time under the stewardship of Ms. Lipika Deka, Mr. Ankur Bora and Mr. Chandan Talukdar.

  • Support-A-Child: It is a program started in 2008, supporting about 50 to 100 children every year since then under the guidance of Mr. Pallav Saikia. AFNA has helped multiple organization including Parijat Academy (Steward: Satyajit Nath/Pallav Saikia), Kalyani Niwas (Steward: Mr. Nabarun Das), Snehalaya (Stewards: Mr. Ankur Bora/Mr. Sarfaraz Taher), Sishu-Sarothi (Steward: Mr. Pallav Saikia), Akshar Foundation (Steward: Mr. Sarfaraz Taher)

  • AKADAMICS: It is a program started in 2018. 193 scholarships to students pursuing baccalaureate courses have been awarded to date of which 161 scholars have successfully graduated. This project is being executed under the stewardship of Somesh Barkataki, Parvez Hussain, Gautam Deori, Lipika Deka and Sarfaraz Taher.

Nowgong Mission School: AFNA supported this third oldest public school in Assam established by the Rev Miles Bronson, a pioneer of the American Missionaries in Assam. It helped the school procure and install an audio system in its auditorium under the guidance of Mr. Ankur Bora.

Support-A-Disabled Worker/Atma Nibhar Ek Challenge: A program which provides employment in the food packaging industry to 35 specially-abled adults is guided by stewards, Mr. Krishanu Kaushik and Mr. Sarfaraz Taher 

SHED : It is a program, led by Mr. Satyajit Nath and Mr. Pallav Saikia that helped in the establishment of a residential rehabilitation center in Sonapur for children with special needs.

Bay Area Run: It is an annual AFNA event promoting a healthy lifestyle. The program started in 2018 and it is organized for 5K and 10 K runs under the stewardship of Mrs. Lipika Deka, Mrs. Ranju Sarma and Mr. Pallav Saikia 

Disaster Relief : AFNA’s assistance in providing relief and rehabilitation during in natural disasters e.g., flood, earthquakes, hurricanes, wild fires, etc., globally with a focus on Assam and North America  

Adopt a Grandma: It is an AFNA program under the guidance of Mrs. Ranju Sarma and Mrs. Enakshi Barua to provide medical expenses for 20 boarders to SENEH-a home in Guwahati for the old and destitute women 

COVID-19 and Post COVID Relief: AFNA donated funds, food packages and equipment in two waves, once in 2020 and another in 2021, totaling over USD 105,000 in COVID relief. In the first wave, over 1200 families across multiple villages in Assam were provided ration-kits and in the US, 100,000 meals were donated through feedingamerica.org. In the second wave AFNA partnered with local NGOs and National Health Mission, Assam, to procure and deploy 50 Oxygen cylinders, 47 Oxygen concentrators,  PPE, Face shields, Facemasks, Gloves and Oximeters at multiple different locations across Assam. AFNA also started post COVID rehabilitation work in partnership with an NGO in Assam called- Foundation for Social transformation. The goal of the effort is to help small business owners reestablish themselves after they had to give up their assets during the pandemic. These activities were carried out under the stewardship of Mr. Sarfaraz Taher and Mrs. Enakshi Barua.

Other AFNA projects with its stewards include – Hygiene Kit under Mrs. Ranju Sarma, Weaving for Care under Mrs. Kamalakshi Hazarika, Birubala Rabha Support under the guidance of Sri Pallav Saikia. A few other key projects executed in the past are Support A Disabled Artist, Solar light – Power to the People, Spreading Sunshine, WBMM and Tree-4-All.

AFNA also executes annual fund-raising campaigns like the Annual Calendar, Bay Area Run, Annual Giving Week which have become its signature efforts. 

Dr. Atul C Sarma the first president of AFNA, in his writing on its history, thanked the new generation for their contribution to the society and wished them the development of their personal talent. In his commentary he gave an insight of how AFNA was born with a purpose to help oneself and the Assamese society. The motto of the organization was then and now - social service. Initially the organization was restricted to work, due to problems faced in the beginning and due to the lack of funds. However, in the recent years, though work is a major part of AFNA’s dedication, it has received support in the form of donor funds as well. 

We congratulate AFNA on its fortieth-year completion and commend it for the many lives it called for in selfless service, dedication and belief, to shape the welfare of the community. 

‘আছাম ফাউন্ডেশ্চন’ তথা অসম প্ৰতিষ্ঠানৰ বিকাশ কাহিনী - ড. অতুল চন্দ্ৰ শৰ্মা

আমি তেতিয়া আমেৰিকান প্ৰৱাসী জীৱনৰ আৰম্ভনিত । বাতৰি সমীক্ষাত পঢ়া মতে ১৯৭০-৭১ চনৰ বাংলাদেশৰ মুক্তি সংগ্ৰামৰ সময়ত সংঘটিত ভাৰত-পাকিস্তানৰ যুদ্ধৰ ফল স্বৰূপে কেবা নিযুত বাংলাদেশী ৰিফিউজী অসম ভৰি পৰিছিল হি ! বাংলাদেশী পমুৱাৰ সমস্যাত অসমৰ জুঁই জ্বলা অৱস্থা । আজিও সেই সমস্যা পুৰা কৈ মচা হোৱা নাই ।

Screenshot 2025-07-19 at 8.20.44 AM.png

সেই বাংলাদেশী বহিৰাগতৰ সমস্যাৰ কালত, তেতিয়াৰ মূখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীয়ে আৰ্থিক সমৰ্থন-সাহায্য বিচাৰি কৰা আহ্বানত দূৰ-দুৰণিত থকা আমেৰিকা প্ৰৱাসী কেইজনমান অসমীয়াই সাহায্যপুঁজি সংগ্ৰহ আৰম্ভ কৰিছিলো । -- ছেইণ্ট লুইছ চহৰ-নিবাসী ডা. ইলি আৰু মহেন্দ্ৰ ভূঞা, চন্দন আৰু বন্তি মহন্তৰ প্ৰেৰণাত আমিও লুইভিলত ধন গোটাইছিলো । লুইভিলৰ ‘ইন্ডিয়া এছোচিয়েচ’ৰ পদপীত থকা বাবে কামবোৰ কৰাত সুবিধা হৈছিল । সেই বাবেই ‘ইন্ডিয়া-এব্ৰড্‌’ কাগজৰ সম্পাদক গোপাল ৰাজুই আৰম্ভ কৰা সাহায্য-পুঁজিৰ লগত যোগ দি বাংলাদেশী ৰিফিউজী সহায়ৰ বাবে সংগ্ৰহীত ধন খিনি পঠিয়াব পাৰিছিলো ।

আমাৰ ব্যক্তিগত জীৱনবোৰো কৰ্তব্যৰ বাবে ক্ৰমশ: পৰিবৰ্তণশীল হৈ আহিছিল যদিও  সেই সময়ত ঘটা যান্ত্ৰিকতাৰ অভূতপূৰ্ব বিকাশে সময় আৰু দুৰত্ববোৰ কমাই আনিছিল । আমেৰিকাত বসবাস আৰম্ভ কৰা তেতিয়াৰ এমুঠি অসমীয়াৰ মাজত যোগাযোগ,  ফুৰাচকা আৰু মিলামিছাৰ পাৰিবাৰিক সম্পৰ্কবোৰ গভীৰ কৰি তুলিছিলো । বিশেষকৈ, বিয়াবাৰু হৈ ঘৰবাৰী কৰা আৰু ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰা সামাজিক বেষ্টনীত সোমাই পৰিছিলো । দেশ-প্ৰেম, জাতি-প্ৰেমবোৰ পৰিয়াল কেন্দ্ৰী হৈ পৰিল । বিহু-পৰ্ব উজ্বাপনৰ আৰম্ভ! --- ১৯৭০ চনত ডেট্ৰয়ট চহৰত  মধ্য আমেৰিকাৰ 

অসমীয়া কেইজনে চহৰবাসী দেবজিৎ বৰুৱা, মনো হাজৰীকা আদিৰ পোষকতাত  প্ৰথম ৰঙালী বিহু উজ্বাপন কৰিছিলো । আমেৰিকান জীৱনত থিতাপী লবৰ বাবে চাকৰি-বাকৰি কৰা, ঘৰবাৰী লোৱা আৰু সামাজিক জীৱনৰ পাতনি মেলাৰ সময়ত লাহে লাহে আমেৰিকান সমাজৰ অঙ্গ হৈ পৰাৰ লগে লগে নেদেখা-নুবুজা-নুশুনা বহুতো কথা শিকিব লগীয়া হৈছিলো । -- নিজা কথা ;  ঘৰবাৰী কিনাৰ পিচত প্ৰতিবেশী চুবুৰীয়া, মি. ডনাল্ড স্মলীৰ পৰিয়ালৰ লগত মিলামিছা বাঢ়ি গৈছিল. । মি. স্মলী কেণ্টাকী ৰাজ্যৰ অন্যতম ন্যায়-পালক  তথা যাজ আছিল । পলিটিকেলী ডেম’ক্ৰেট,  লিবাৰেল পন্থী । সৰবৰহী ব্যক্তি; কোৱা-শুনা আৰু মিলামিছাত সহজে আপোন কৰি লোৱা খাঁতি আমেৰিকান । প্ৰায়ে গধূলি  উঠা-বহা, আদ্দা মাৰোতে আইন-কানুন, পলিটিক্স, সামাজিক বিধি সম্পৰ্কত প্ৰায়ভাগ যাৱতীয় ৰীতি-নীতি তেখেতৰ পৰাই শিকিছিলো । -- তেখেতেই কৈছিল,  আমেৰিকান মানুহৰ বদান্য চৰিত্ৰৰ কথা । ধৰ্ম, শিক্ষা, সমাজ, দুখীয়া বা দুৰ্যোগ আপদত পৰা মানুহৰ  বাবে মানুহে যোগোৱা দান-দক্ষিণা প্ৰচূৰ কাহিনীৰ বিৱৰণ । কিন্তু ৰীতি-নীতিবোৰ আমাৰ দেশৰ দান-দক্ষিনা দিয়া বা ধৰ্মানুষ্ঠানত চতিওৱা পয়চা-পাতিৰ দৰে নাছিল । তেনেকূৱা বদান্যতা সমৰ্থক চৰকাৰী আইন-কানুনত ধৰা-বন্ধা নিয়ম-নীতি মানি চলে,  আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ জৰিয়তে হে মানুহে দান দক্ষিণা দিয়া নীতি প্ৰচলিত ।  কাৰণ,  তেনেকৈ দিয়া দান-দক্ষিনাৰ ধনৰ ওপৰত কৰ-চৰকাৰে কাতল নলয় । প্ৰতি বছৰে সেই ধনৰ বাবে কৰ-কাতল ৰেহাই পায় ।  সেই বাবেই সম্ভৱত: সুখীয়া-দুখীয়া, আধ্যাৱন্ত মানুহে, বিশেষকৈ উচ্চ উপাৰ্জনৰ মানুহে অধিক কৰ-কাতলৰ পৰা ৰেহাই পাবলৈ অনুষ্ঠান-প্ৰতিষ্ঠানৰ জৰীয়তে শ শ, হাজাৰ বিজাৰ, কেতিয়াবা লাখ-কোটী ডলাৰৰ দক্ষিনা দিয়ে । সেই বাবেই আমেৰিকাৰ সমাজত বে-চৰকাৰী “Non-profit” অনুষ্ঠান সমূহ পৰিচালনা কৰিবলৈ কেন্দ্ৰীয়, ৰাজ্যিক আৰু স্থানীয় চৰকাৰ সমূহে ধৰা-বন্ধা আইন-কানুন নিৰ্মান কৰি থৈছে ! – এদিন তেখেতে মোক এবোজা চৰকাৰী ৰেভিনিউ চাৰ্ভিচৰ আইন (Internal Revenue Service Codes) পঢ়িবলৈ দি কৈছিল : “Every enthnic and sub-ethnic segment of our society has various not-for-profit organizations for conducting their collective charity activities.” – লগতে, তেখেতে কৈছিল, যথেষ্ট সংখ্যক পৰিয়ালৰ সহযোগ সমৰ্থ থাকিলে আমাৰ অসমীয়া সমাজেও তেনেকূৱা ব্যৱস্থা কৰি লব পাৰে । নিজৰো লাভ, লগতে সমাজকো সহায় কৰাত সুবিধা হয় । তেতিয়া আমাৰ অসম-মূলৰ সমাজখন আঙুলিৰ মূৰত লিখিব পৰা আছিল; গতিকে কথাতো মনতেই সোমাই ৰাখিছিলো । লগতে নতুনকৈ থিতাপী লোৱা আমাৰ এমুঠি প্ৰৱাসীৰ মাজত জাগি উঠা নিগাঁজী হোৱাৰ প্ৰচেষ্টাত হেঁচাত দেশপ্ৰেম-গোষ্টী প্ৰেমৰ বাবে দাতব্য চিন্তা অহা নাছিল ; আৰু থাকিলেও সামৰ্থ্যও নিশকটীয়া হৈ আছিল ।

আমাৰ আগেয়ে আহি যুক্তৰাজ্যত বসবাস কৰা কেইজন মান অসম-মূলৰ ব্যক্তিয়ে হয়তো চৰকাৰী চাকৰি, নহয়তো সৰু-বৰ ভিতৰুৱা অঞ্চলৰ কলেজ/বিশ্ববিদ্যালত অধ্যাপনা কৰি আছিল হি; কিন্তু সম্ভৱত: সংখ্যাত তেনেই তাকৰীয়া হোৱা বাবে তেখেত সকল সামাজিক ভাৱে একপ্ৰকাৰ মৌন হৈ চলিছিল । আমাৰ সময়ত অহা সকলো সংখ্যাত তাকৰীয়া হলেও খ্যাতি সম্পন্ন উচ্চ শিক্ষানুষ্ঠানত পঢ়া-শুনা আৰু গৱেষণা কৰিবলৈ ছাত্ৰ-ছাত্ৰী হিচাবে আহিছিলো; দূৰে দুৰে থাকিব লগীয়া হোৱা বাবে কেতিয়াবা কাৎচিত যোগাযোগ ঘটিছিল । কিন্তু ১৯৭০ দশকৰ আদিতে অহা বুজন সংখ্যক দেশী-ভাই সকল দেশতে শিক্ষিত-দীক্ষিত ইঞ্জিনিয়াৰ, ডাক্তৰ আৰু প্ৰযুক্তি-শাস্ত্ৰবীদ  হৈ অহাৰ লগতে প্ৰায় ভাগেই সপৰিয়ালে চাকৰি-বিনিয়োগৰ বিচাৰি আহিছিল । লগতে বহুতেই সময়ৰ সুবিধা বুজি আংশিক ভাৱে পঢ়া-শুনাও আৰম্ভ কৰিছিল । তেখেত সকলৰ সুবিধাজনক উৎসাহ আৰু উদ্বীপনাত ‘অসমীয়া’ অস্তিত্বই উত্তৰ আমেৰিকাত গঁজালি মেলিছিল ।  বেছি ভাগেই বিনিয়োগৰ সুবিধাৰ বাবে প্ৰথমে উত্তৰ-পূৱ যুক্তৰাজ্যৰ ‘ট্ৰাই-ষ্টেট’  এলেকা, মানে নিউ ইয়ৰ্ক, নিউজাৰ্ছি, বষ্টন, ওৱাশ্বিংটন, দক্ষিন উপকূলীয়া টেক্সাছ-লুইজিয়ানা আৰু কোনো কোনো পশ্চিম উপকূলৰ কালিফৰ্নিয়াত থিতাপী লৈছিল গৈ । পিচলৈ সুবিধাজনক স্থিৰতাৰ বাবে আমাৰ মাজভাগৰ চহৰূৱা অঞ্চল সমূহলৈ বিস্তাৰিত হৈ পৰিছিল ।  মুঠতে, সময়ৰ সোঁতত যুক্তৰাজ্য আৰু কানাডাৰ বিষ্টিৰ্ণ ভূ-ভাগত অসমীয়াৰ জন্মবীজ সিঁচৰা হৈছিল : সংখ্যাত তাকৰীয়া, লগতে দুৰত্বই আমাৰ সমাজখন বিভাজিত কৰি ৰাখিলেও পৰেকীয়া সংহতিৰ অভাৱ নাছিল । লাহে লাহে যোগাযোগ বাঢ়ি গৈছিল ।

১৯৭৩ চনত ঘৰলৈ যাওতে ‘আছাম ছাইন্স ছোচায়েটি’ৰ তেতিয়াৰ কৰ্মকৰ্তা  এগৰাকীয়ে উত্তৰ আমেৰিকাত ছোচায়েটিৰ সদস্য সংগ্ৰহ কৰাৰ দায়িত্ব দিছিল । কটন কলেজত চাকৰি কৰা দিনৰে পৰা অনুষ্ঠানৰ লগত জড়িত আছিলো । যেহেতু, ‘আছাম ছাইন্স ছোচেয়েটি’ দেশত “Non-profit” অনুষ্ঠান হিচাবে পঞ্জীভূত কৰা আছিল, গতিকে সদস্য সংগ্ৰহত সুবিধা হৈছিল; কাৰণ কৈ অহা দৰে ৰাজহুৱা ভাৱে প্ৰতিষ্ঠিত “Not-for-Profit” অনুষ্ঠানৰ বাবে আমেৰিকা যুক্তৰাজ্যৰ চৰকাৰে সদস্য-ফিজ আৰু দান-বৰঙনিৰ ওপৰত কৰ ৰেহাই দিয়া ৰীতিৰ সুবিধা । সীমিত পৰিমান হলেও ধন খিনি পঠিওৱাৰ সময়ত এটা সৰু সমস্যাত পৰিছিলো । যুক্তৰাজ্যৰ  আইন মতে দেশৰ পৰা বিদেশলৈ তেনেকুৱা ধনৰ পুঁজি ব্যক্তিগত ভাৱে পঠিয়ালে সি কৰ-কাতল ৰেহাই পাব নোৱাৰে । তেতিয়াও আমাৰ  প্ৰৱাসী অসমীয়া সমাজৰ নিজা কোনো অনুষ্ঠান-প্ৰতিষ্ঠান নাছিল । আচলতে আমাৰ প্ৰায় ভাগেই কথাবোৰ নাজানিছিলো; কিন্তু কেণ্টাকী হিন্দু মন্দিৰ নিৰ্মাণৰ কামত যাজ স্মলীয়ে আগতে পৰিচয় কৰি দিয়া যুক্তৰাজ্যৰ ৰাজহ বিভাগৰ আইন-কানুন পঢ়া বাবে কাৰ্য্যত: ব্যৱহাৰ কৰিবলৈ শিকিছিলো । -- হিন্দু মন্দিৰ প্ৰতিষ্ঠাৰ সময়ত গম পাইছিলো যে তামিলনাডু, কেৰেলা, পাঞ্জাব, কৰ্ণাটক, বেঙ্গল, মহাৰাস্ত্ৰ, গুজৰাট আদি ৰাজ্যৰ প্ৰৱাসী সকলে আমেৰিকাত তেনেকূৱা নিজা নিজা “Not-for-Profit, Charitable” অনুষ্ঠান/প্ৰতিষ্ঠান পৰিচালনা কৰা আৰম্ভ কৰিছে ।

১৯৭৯-৮০ চনত অসমৰ ছাত্ৰ সমাজৰ নেতৃত্বত গঢ়ি উঠা বাংলাদেশী বহিৰাগত বিদেশী বিতাড়িত কৰিব বিচৰা বিপ্লৱত আমাৰ সমাজৰ কোনো কোনোৱে জাতিৰ আহ্বানত সক্ৰিয় হৈ উঠিছিল; কিন্তু বিশাল দূৰত্বই পৃথক কৰি ৰখা সকলোকে সজাগ কৰোতে সময় লাগিছিল । লগতে আছিল আমাৰ  জাতীয় চৰিত্ৰত থকা পলিটিকেল/সামাজিক মতানৈক্য, বিভাজন  অঁৰিয়া অঁৰি । ১৯৮০ চন ৪ জুলাই তাৰিখে টেক্সাস ৰাজ্যৰ হিউষ্টন চহৰত নতুনকৈ বসবাস কৰা অসমীয়া সমাজে ড. লোহিত দত্তবৰুৱা, ড.(প্ৰয়াত) বিজন  শৰ্মা, কল্যাণ দত্তচৌধুৰী আদিৰ নেতৃত্বত  অসমৰ সেই সমস্যা সম্পৰ্কত এখন সন্মিলন আহ্বান কৰা হৈছিল । আমি এক হাজাৰৰো অধিক মাইল বাট গাড়ীৰে গৈ যোগ দিছিলো গৈ; বাটতে উঠাই লৈ গৈছিলো ড. হিৰক আৰু ৰীতা পটঙ্গীয়াৰ পৰিয়াল । হিউষ্টন চহৰৰ হীৰেণ শৰ্মাৰ ঘৰত লগ পাইছিলোগৈ; প্ৰায় ১৮৫০ মাইল দূৰৈৰ বষ্টনৰ (প্ৰয়াত) হিমেন বৰঠাকুৰ, ১৫০০ মাইল দুৰ ওৱাশ্বিংটৰ মনোৰঞ্জন বেজবৰুৱা, অৰিগণৰ মহেন্দ্ৰ বৰুৱা, টেক্সাস আৰু ওক্ল’হমা ৰাজ্যবাসী প্ৰায়ভাগ হৰি-ভকত ৰূপী অসমীয়া প্ৰৱাসী পৰিয়াল । -- প্ৰথম অসম অভিবৰ্তণ (Assam Convention of North America) | প্ৰায় ১৫ কি ২০ ঘৰ মানুহৰ মেল !

প্ৰায় দুদিন ধৰি কৰা আলোচনা-পৰ্য্যালোচনাৰ পিচত তিনিটা সিদ্ধান্ত লোৱা হৈছিল : (১) সমগ্ৰ অসম মূলৰ প্ৰৱাসী সমাজৰ মাজত সংঘবদ্ধ সামাজিক কাম-কাজ পৰিচালনা কৰিবলৈ ‘Assam Association of North America’ গঠন আৰু তাৰ কাজ কাম সদ্যহতে হিউষ্টনৰ পৰা পৰিচালিত কৰা হব; (২) যুক্তৰাজ্যৰ আইন-কানুন অনুসৰি প্ৰৱাসী সমাজৰ পৰা দান-দক্ষিণা  আৰু অনুদান  সংগ্ৰহ কৰি সমাজ-সেৱাৰ বাবে গঠনমূলক কাজ-কাম পৰিচালনা কৰিবলৈ দাতব্য “উত্তৰ আমেৰিকান  অসম প্ৰতিষ্ঠান তথা Assam Foundation of North America, Inc.” প্ৰতিষ্ঠাৰ প্ৰস্তাৱ; আৰু (৩) প্ৰতি বছৰে ৪ জুলাই Weekend ত  উত্তৰ আমেৰিকাৰ  নিৰ্বাচিত সুবিধাজনক ঠাইত ‘অসম অভিবৰ্তণ তথা সন্মিলন (Assam Convention)’ উজ্বাপন কৰা হব । (১৯৬০ চনৰ ৪ জুলাই তাৰিখে কটন কলেজৰ হোষ্টেলত গুলি কৰি হত্যা কৰা স্বহীদ ৰঞ্জিত বৰপূজাৰীৰ স্মৃতি সোঁৱৰণি দিৱস হিচাবে ! – সিদিনা কোৱা হৈছিল); আৰু (৪) আমেৰিকাত অসম সাহিত্য সভাৰ শাখা সভা স্থাপন কৰাৰ প্ৰস্তাৱ । --  জুলাই ৪ তাৰিখটো যুক্তৰাজ্যৰ স্বাধীনতা দিৱস ।  তেতিয়াৰ পৰা ২০১৯ চনলৈ নিয়মীয়া ভাবে ‘অসম অভিবৰ্তণ/সন্মিলন’ চলি আহিছে । ক’ৰনা-১৯ মহামাৰীৰ বাবে ২০২০ আৰু ২০২১ চনত নিয়মীয়া ভাৱে কৰা হোৱা নাছিল যদিও ইণ্টাৰনেটৰ জৰিয়তে পৰম্পৰা (Virtual) ৰক্ষা কৰা হৈছিল ।

আসাম ফাউন্ডেশ্চন প্ৰতিষ্ঠাৰ কাজ-কাম আমাৰ কেণ্টাকী ৰাজ্যৰ লুইভিল চহৰৰ পৰা কৰা হৈছিল যদিও প্ৰায় তিনি বছেৰীয়া প্ৰচেষ্টাত ওৱাশ্বিংটনৰ জিতেন্দ্ৰ গোপাল /অৰুনা বৰপূজাৰী, মনোৰঞ্জন বেজবৰুৱা, আনিছ আহ্মেদ, অষ্টিনৰ (টেক্সাছ) বৰদা চৰণ/কুমকুম শৰ্মা, হিউষ্টনৰ লোহিত দত্তবৰুৱা, ছেইণ্ট লুইছৰ ইলি ভূঞা, চন্দন/বন্তি মহন্ত, ডেট্ৰয়টৰ দেৱজিত বৰুৱা, নিউ জাৰ্ছিৰ মহেশ কলিতা, (প্ৰয়াত) ব্ৰজেন বৰদলৈ আৰু ফ্লৰিডাৰ অমিয়া/ৰীতা দাস আদিয়ে আৰম্ভনিতে সমৰ্থন নকৰাহেঁতেন জটিল প্ৰকল্পতো ৰূপায়িত কৰা সম্ভৱ নহ’লহেঁতেন । পিচলৈ ন-পুৰণি বহুজনে কাজ-কাম পৰিচালনা কৰি প্ৰতিষ্ঠানটো  আজি চল্লিছ বছৰে সুকলমে চলাই আহিছে । এতিয়া, দক্ষ্য নতুন প্ৰজন্ম চামৰ পৰিচালনাত অনুষ্ঠানতো সুঠাম হৈ গৈ আছে ।

আদিতে, তিনিবছৰ কাল ধৰি কৰা বিভিন্ন পৰ্য্যায়ৰ কাজ-কামৰ খতিয়ান দিয়াতো এক দীঘলীয়া বৃতান্ত ; তাৰ বহুতো সোঁৱৰণি দীঘলীয়া । লগতে পুৰাকৈ লিখিবলৈ গলে স্মৃতিকথাত ভুল হব পাৰে । চমুতে, আৰম্ভনিতে ওপৰোক্ত (এতিয়া প্ৰয়াত) যাজ ডনাল্ড স্মলীয়ে নিগম-প্ৰতিষ্ঠান চুক্তিপত্ৰ (Articles of Incorporation for the State of Kentucky) আৰু প্ৰতিষ্ঠানৰ বিধি-উপবিধি (By Laws of the Foundation) ৰ নক্সা আঁকি দিছিল; কিন্তু প্ৰায় একে সময়তে ওৱাশ্বিংটনত নিগাজী হোৱা অসমীয়া আইনজীৱী উকীল ড. মনোৰঞ্জন বেজবৰুৱা আৰু আই.এম.এফ.ৰ অৰ্থনীতিবিদ প্ৰয়াত ড. জিতেন্দ্ৰ নাথ বৰপূজাৰী প্ৰজেক্টত সক্ৰিয় হৈ উঠা বাবে কাম বোৰ নিয়াৰি কৈ গঢ়ি উঠিছিল । লগতে প্ৰতিষ্ঠানৰ প্ৰথম ব’ৰ্ড অৱ ডিৰেক্টৰ ৰূপত নিৰ্বাচিত সদস্য সকলেও সময় মতে যাৱতীয় মিটিং আৰু স্বাক্ষৰ আদি যোগাই যোৱা বাবে প্ৰজেক্টটো বেছ আমোদ জনক হৈ পৰিছিল । চৰকাৰী আইন-কানুন মতে দৰ্কাৰী দলিলীকৰণ আৰু স্থায়ী ঠিকনাৰ বাবে ব্যক্তিগত দায়িত্ব লৈ কেণ্টাকী ৰাজ্যত থাকিব লগীয়া হেড্‌ অফিচ আমাৰ ঘৰৰ পৰাই পৰিচালনা কৰাৰ দায়িত্ব লৈছিলো  ।  আদিতে  প্ৰতিষ্ঠানৰ কোনো বিত্তীয় ফান্ড বা একাউন্ট নাছিল । যাৱতীয় সকলো ফিজ আৰু খৰছ নিজেই বহণ কৰি গৈ আছিলো । পিচলৈ, ব’ৰ্ডৰ মেম্বাৰ আৰু সক্ৰিয় সকলোৱে যাৱতীয় খা-খৰছ নিজে নিজে বহন কৰা  নিয়ম কৰিছিল ।

দুবছৰ পিচত যুক্তৰাজ্যৰ ইণ্টাৰনেল ৰেভিনিউ ছাৰ্ভিচে আমাৰ প্ৰতিষ্ঠানক ব্যক্তিগত প্ৰতিষ্ঠান (Private Foundation) হিচাবে স্বীকৃতি দি চলাবলৈ নিৰ্দ্দেশ দিছিল; কিন্তু আমি Private Status বিচৰা নাছিলো; বিচাৰিছিলো ৰাজহুৱা প্ৰতিষ্ঠান (Publicly Supported Foundation) | আমাৰ নিজা আইনজীৱী উকিল ড. বেজবৰুৱাই কোনো ধন নোলোৱাকৈ যুঁজ-বাগৰ দি শেষত জনহিতৈষী প্ৰতিষ্ঠান (Philanthropic Foundation) হিচাবে স্বীকৃতি লাভ কৰাইছিল । সেই বাবেই অসম প্ৰতিষ্ঠান তথা আছাম ফাউন্ডেশ্চনে সামাজিক অনুষ্ঠান  ৰূপত সমাজ উদ্বলেক বা গতানুগতিক ৰাজহূৱা প্ৰতিবাদী মেল-মিটিং কাম কৰিব নোৱাৰে । আইনত: প্ৰতিষ্ঠানে গঠনমূলক কাৰ্য্যকৰণ ব্ৰতী । তথাপি, এতিয়াও কোনো কোনো বিসম্বাদী, বিশেষকৈ নবাগত অংশৰ এফালে ভাবে বা ভাবিব পাৰে, কেলেই আমাৰ প্ৰৱাসী সৰু গোষ্ঠী-সমাজত একাধিক অনুষ্ঠানৰ দৰ্কাৰ ? – তাৰ উত্তৰ হৈছে আমেৰিকা যুক্তৰাজ্যত প্ৰচলিত আইন-কানুন ! বিৰাট যুক্তৰাজ্যবাসী প্ৰায়ভাগ গোষ্ঠী-উপগোষ্ঠীৰ স্বাৰ্থৰক্ষাৰ বাবে বিভিন্নধৰ্মী শশ, হাজাৰ-বিজাৰ সামাজিক, ধৰ্মীয়, পলিটিকেল, সক্ৰিয়বাদী, দাতব্য অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়া আছে ।

গোষ্ঠী-উপগোষ্ঠী সমাজৰ আধ্যাৱন্ত ভাগে প্ৰতিষ্ঠানৰ কৰ-কাতল ৰেহায় পোৱা সুবিধা গ্ৰহণ কৰি নিজা নিজা মাতৃভূমি আৰু যুক্তৰাজ্যত  জন হিতৈষী কাজ-কাম কৰি গৈ আছে ।  কোনো অনুষ্ঠান-প্ৰতিষ্ঠানে দেশীয় বিত্ত-বিভাগৰ নিয়ন্ত্ৰিত “ইণ্টাৰনেল ৰেভিনিউ ছাৰ্ভিচৰ” নিৰ্দ্ধাৰিত আইন উলঙ্ঘা কৰি যি কোনো সামাজিক কাম ইচ্ছামতে কৰিব নোৱাৰে । কৰিলে,  চৰকাৰী আই.আৰ.এছ.য়ে প্ৰতিষ্ঠান বন্ধ কৰি  প্ৰতিষ্ঠানৰ সকলো নথি-পত্ৰ, সায়-সম্পত্তি কৰায়ত্ব কৰাৰ লগতে সক্ৰিয় পৰিচালকৰ সকলক দায়বদ্ধ কৰিব ।

১৯৮০ চনৰ পৰা আৰম্ভ কৰি, কাৰ্যত: ১৯৮২ চনৰ পৰা আৰম্ভ কৰা, কাৰ্য্যক্ৰমত  প্ৰৱাসী অসমীয়া সমাজৰ লগতে কোনো কোনো  সদাশয় অনুৰাগী বন্ধু সমাজেও দান-দক্ষিণা আৰু সদস্য হৈ প্ৰেৰণা যোগাইছিল । যিকোনো  শুভ-প্ৰকল্পত বাধা-বিঘিণী, প্ৰতিবাদ আৰু  বিসম্বাদ থকাতো আমাৰ দেশী ভাৰতীয় সমাজৰ ৰীতি ।  আৰম্ভনিৰ  পিচতে মুষ্টিমেয় গৰাকী মানে আৰম্ভ কৰা অপ-প্ৰচাৰৰ বাবে কোনো কোনো সহযোগী সদস্যই প্ৰতিষ্ঠানৰ প্ৰতি সন্দিহানো হৈ পৰিছিল । আনকি, কাৰোবাৰ প্ৰৰোচনাত কোনোবাই প্ৰতিষ্ঠানে আইন বিৰোধী কাম লিপ্ত হোৱা বুলি আই.আৰ.এছ.ক বেনামী চিঠিও দিছিল । কিন্তু প্ৰতিষ্ঠানৰ আইন সুৰক্ষক হিচাবে গৈ সেই ভূৱা অভিযোগ খন্ডন কৰিছিলো । লগতে, বিসম্বাদীক প্ৰতিৰোধ কৰিবলৈ তাৰ দুই কি তিনি বছৰ পিচৰে পৰা প্ৰতিষ্ঠানৰ কৰ্ম-পদ্ধতি সলনি কৰি আইনে অনুমতি দিয়া নীতি অনুসৰি অনুদান-প্ৰতিদানৰ জৰিয়তে অসম, ভাৰতবৰ্ষ আৰু আমেৰিকা যুক্তৰাজ্যত দাতব্য প্ৰকল্প কৰিবলৈ লোৱা হৈছিল । ফলত সমূহীয়া কাৰয্য-কলাপৰ তীব্ৰতা কমাই দিয়া হৈছি;ল । তেনেকৈয়ে, বিগত প্ৰায় চল্লিচ বছৰে সম্ভৱপৰ সৰু-সুৰা সমাজসেৱাৰ দান-দক্ষিণা দিয়া সদাশয় লোকৰ সৌজন্যত নীৰৱে অসম প্ৰতিষ্ঠানে অসম আৰু যুক্তৰাজ্যত স্কুল-কলেজ, অনুষ্ঠান-প্ৰতিষ্ঠান, জনহিতৈষী প্ৰকল্প আৰু প্ৰাকৃতিক দুৰ্য্যোগৰ ক্ষেত্ৰত অৱদান দি আহিছে । -- এই প্ৰতিষ্ঠানৰ মূল মন্ত্ৰ হৈছে সমাজ সেৱা । সক্ৰিয়তাবাদী, নেতৃত্বকেন্দ্ৰী, পলিটিকেল বা সামাজিক আলোড়ন/উচ্চলতা ইয়াৰ অংশ নহয় । প্ৰতিষ্ঠানে কোনোদিনে নেতৃত্ব প্ৰধান ৰীতি গ্ৰহন কৰা নাই ।

গতানুগতিক সামাজিক কাজ-কাম বা লাভালাভ বিচৰা প্ৰকল্প পৰিচালনা কৰিবলৈ  অনেক সামাজিক অনুষ্ঠান আছে । আমাৰ বাঢ়ি গৈ থকা আমেৰিকা প্ৰৱাসী সমাজেও বিগত চাৰি কি পাঁচটা দশকত সুবিধাজনক কেবাটা অনুষ্ঠান বনাইলৈ আমাৰ সামাজিক পৰিছিত অব্যাহত ৰাখিছে ।  আগতে উনুকিয়াই অহা অসম এছোচিয়েশ্চন অৱ আমেৰিকা,  অসম সাহিত্য সভা-যুক্তৰাজ্য শাখা  একে সম  য়তে গঢ়াৰ প্ৰস্তাৱ লোৱা দিনৰে পৰা চলি আহিছে । -- উত্তৰ আমেৰিকাৰ বিশাল ভূ-ভাগত সিঁচৰতি হৈ পৰা প্ৰৱাসী সমাজৰ বাবে বহু-অনুষ্ঠানৰ প্ৰয়োজন । দৰ্কাৰ সকলোৰে সংহতি আৰু সংযোগ ।  

প্ৰায় চাৰিটা দশক পৰা হৈ গ’ল । আদিতে যি সকল ব্যক্তিয়ে এই সপোন দেখিছিল, তাৰ কেবাজনো ইতিমধ্যে চিৰ বিদায় লৈ গুছি গ’ল । প্ৰথম দুটা দশকত সন্মুখিন হোৱা সমস্যা আৰু ধনৰ অভাৱত কেৱল জী থাকিবৰ বাবে প্ৰতিষ্ঠানে কাজ-কামত সীমিত কৰি ৰখা হৈছিল । আমাৰ দিনীয়া আৰম্ভনিৰ পৰা আজিলৈ পৰিচালনাত যোগ দিয়া আমাৰ সামাজিক গোষ্ঠী সম্প্ৰদায়ৰ প্ৰতিটো প্ৰজন্মই নিষ্ঠাৰে দি অহা অৰিহণাই এটা  সপোন এতিয়া দিঠক কৰি তুলিছে বুলি কব পাৰি । আদিতে অনুমান কৰা হৈছিল, তেতিয়াৰ কেইটামন পৰিয়ালৰে গঠিত এক তেনেই নগন্য  “অসম-মূল”ৰ সমাজখন এদিন এক ক্ৰমবৰ্দ্ধমান গোষ্ঠী-সম্প্ৰদায় হৈ উত্তৰ আমেৰিকাত প্ৰৱাসী সমাজ হৈ গঢ়ি উঠিব । সমাজে মাৰ বান্ধি দেশত এৰি অহা সংস্কৃতি-সম্ভাৰ প্ৰতিষ্ঠা কৰিব হি । -- এৰা, সেৱা অলিক সপোন নাছিল !! আজি দেশ বিদেশত শিক্ষা-দীক্ষা লৈ পশ্চিমীয়া প্ৰাচূৰ্য্যতাত কৰ্মৰত হোৱা প্ৰফেশ্চনেল নতুন প্ৰজন্মই অকল নিজৰ ভাগ্য ৰচনাতে ব্ৰতী হৈ থকা নাই; তেখেত সকলৰ পৰিচালনা আৰু বদান্যতাত আমাৰ প্ৰায়ভাগ অনুষ্ঠান-প্ৰতিষ্ঠানে এক নতুন পৰিছিতিৰ জন্ম দিছে । 

 “আসাম ফেউন্ডেশ্চন অৱ নৰ্থ আমেৰিকা” প্ৰতিষ্ঠাৰ আদিম কৰ্মী হিচাবে আমাৰ প্ৰাচূৰ্য্যময় নবাগত প্ৰজন্মৰ নতুন সমাজলৈ সফল অৱদান যোগোৱাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে তেওঁলোকৰ ব্যক্তিগত প্ৰতিভাৰ বিকাশ কামনা কৰিলো । -- আমেৰিকাত পোষামেলা অসম-মূলৰ বৃত্তিজীৱি নতুন প্ৰজন্মৰ উজ্বল ভৱিষ্যতত আশাবাদী : যি মূলা বাঢ়ে, তাৰ দুপাততে চিন ।

bottom of page